Skip to main content

Posts

সকলো কথাই পাহৰা যায় (Everything is forgotten)

 
Recent posts

স্মৃতিৰ এসাগৰ হুমুনিয়াহ

 

উভতি নহাৰ বাটেৰে (জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি)

 উতনুৱা চৰাইজাকক হুৰাই দি বেপৰোৱা গান এটা বাজি উঠিছিল মেঘৰ আলেঙে আলেঙে দিহিঙে দিপাঙে ৰ'দৰ দৰে জোনৰ দৰে দূৰে দূৰে, সীমনাৰ সিপাৰে বতাহৰ স'তে সুহুৰিয়াই সুহুৰিয়াই গানটি পথাৰে-পথাৰে, চহৰে-নগৰে আলিয়ে-পদুলিয়ে, ঘৰে-ঘৰে বাজি বাজি ক্ৰমান্বয়ে ইউকেলিপটাছ গছৰ দৰে ওখ হৈ গৈ আছিল গৈ গৈ হঠাৎ সাগৰীয় ঢউত মিলি গ'ল গানটি। সাগৰ তলিৰ ব্ৰঞ্জৰ ঢেঁকীয়াবোৰে সোণালী ফিছাৰ মাছবোৰে গানটোক সাৱটি ফেঁকুৰি ফেঁকুৰি চিঞৰিলে, চকু মেলা, সাৰ পোৱা, আমালৈ চোৱা! সন্ধিয়াৰ আকাশ জুইকুৰা নুমাই ছাঁই হৈ গ'ল। কিন্তু, কাহানিবা উভতি আহিবানে ৰ'দৰ উমাল চিঠি এখনি হৈ আহিবানে তুমি?

বতাহৰ ঘৰ ক'ত (জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰে) Tribute to Zubeen Garg by an Assamese Poem

  বতাহৰ ঘৰ ক'ত (জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰে) চৌপাশে এন্ধাৰ ক'তো কোনো সাৰ-সুৰ নাই পৰ্দাখনত বতাহ দুলি আছে। ৰাতিৰ আকাশত এটি তৰা জ্বলি আছিল এটি তৰা হেৰাই গ'ল এটি তৰাৰ মৃত্যু হ'ল। খিৰিকীৰ কাঁচৰ মাজেৰে ধোঁৱাবোৰ চেঁচা হৈ সৰকি আহিছে, দূৰণিত বাজি থকা এটা দুখৰ গানো খিৰিকীৰে সোমাই আহিছে। গোটেই ৰাতিটোৱে থৰ লাগি চাই আছে এন্ধাৰৰ মাজতো ফুলি থকা ফুলবোৰ। কোনোবা সাৰে আছে, কোনোবা উচুপি আছে, দুখনি চেঁচা হাতে খামুচি ধৰিছে গধুৰ বুকুখন। ৰাতিৰ দুখবোৰ ক'লা ডাৱৰ হৈ সৰি পৰিছে হাতৰ শিৰাই শিৰাই নীলা নীলা বিষ কোনোবাই কাৰোবাক ধিয়াই আছে হতাশাৰ দৰে বতাহ গোটেই গাটোতে কঁপনি তুলিছে। প্ৰতি ৰাতি প্ৰতি দিনে ফুলি থকা ফুলবোৰে বতাহৰ প্ৰেমত পৰে, পৰিভ্ৰমী বতাহৰ। বতাহৰ ঘৰ ক'ত? কোনে ক'ব পাৰিব মোক?

হয়তো মই মানুহ নহয় (Maybe I am not a human)

হয়তো মই মানুহ নহয় মোৰ কোনো ঘৰ নাই কেৱল ঘৰমুৱা এক যাত্ৰা আছে। কিন্তু মানুহৰ ঘৰ থাকে ঘৰৰ ভিতৰত ভালপোৱা মানুহ থাকে মৰমৰ মাত, ভোকত ভাত খং, অভিমান, ঈৰ্ষা, কোলাহল  সকলো থাকে। মানুহৰ ঘৰৰ ভিতৰতো একোখনকৈ ঘৰ থাকে তাত এখনি ফুলনি থাকে মৌমাখিৰ গুনগুননি থাকে তাত গান থাকে, কবিতা থাকে ৰং থাকে, হেঁপাহ থাকে তাত গ্ৰহ, নক্ষত্ৰ, তৰা ভৰা এখনি আকাশ থাকে ৰ'দ থাকে, বৰষুণ থাকে তাত ন-ন বৰণৰ সপোন থাকে সপোন ভাঙি পৰাৰ ভয় থাকে তাত প্ৰেম থাকে প্ৰেমৰ ভিন-ভিন কাৰক আৰু কাৰণ থাকে। মোৰ কোন ঘৰ নাই হয়তো মই মানুহ নহয়? মোৰ স'তে মেঘ আছে ৰ'দ নাই পানী আছে বৰষুণ নাই শোক আছে দুখ নাই হেৰুৱাৰ ভয় নাই কোনো সপোন নাই কোনো প্ৰেম নাই। কোনো ঘৰ নাই, ঘৰ নামৰ কেৱল এক শূণ্যতা আছে। বন্ধু, তুমিও মোৰ নিচিনাই নেকি? কেৱল ঘৰমুৱা এটি বাটৰ পথিক আহা, দুয়ো একেলগে আগবাঢ়ো দিন আৰু ৰাতিবোৰতকৈও দীঘল এই জীৱনৰ অৱসাদখিনিৰ ভাগ-বতৰা কৰোঁ।

হেঁপাহ (Dream)

 

ক'লা উদ্ভিদ (Black Plant)

 ক'লা উদ্ভিদ মই তোমাক কিবা ক'ব খুজিও ৰৈ গৈছোঁ তুমি মোক কিবা ক'ব খুজিও ৰৈ গৈছা মোৰ ভাষা তোমাৰ ভাষা এক হৈ পৰিছে হৃদয়ৰ ভাষা মই তোমালৈ ৰ' লাগি চাই আছোঁ তুমি মোলৈ ৰ' লাগি চাই আছা পৰিপূৰ্ণ আমাৰ চকুৰ ভাষা সন্তুষ্টিৰ আভা মই মোক এৰি থৈ আহিলো তোমাৰ কাষত তুমি তোমাক এৰি থৈ গ'লা মোৰ ওচৰত আমি ইজনে আনজনক লৈ উভতি আহিলো আবতৰীয়া বৰষুণজাকত তিতি-বুৰি নিসংগ ৰাতি আমাৰ লগে লগে আহি আছে ক'লা উদ্ভিদবোৰ।