দীপান্বিতাৰ সন্ধিয়া দেখিছোঁ ঢিমিক-ঢামাককৈ জ্বলি থকা চাকিবোৰ এগছি এগছি কৈ নুমাই যোৱা সাগৰীয় বতাহজাকে উৰুৱাই অনা মেঘবোৰ ঘৰবোৰৰ ওপৰত নাচি থকা নিৰাশাই ঘেৰি ধৰা সন্ধিয়া আশাহত মানুহ, যাৰ হৃদয় দুৱাৰ মোৰ বাবে বন্ধ হৈছে আন্তৰিকতাৰ এপাহি দুপাহি ফুল, সেয়াও মৰহিছে যি আজি আছে সেয়া কাইলৈও ৰৈ যাব ইয়াত হেৰুৱাবলৈ একো নাই সময় মোৰ দেহ চুই বাগৰি গৈ আছে আৰু আন্ধাৰত ডুব গৈ আছে পল-অনুপল জীৱনৰ ক্ষণ, মই পোহৰ বিচাৰি যাওঁ মাটিকে সাৱটি মই শুই যাম ধূলিৰ জীৱন ধূলিতে মিলি যাম মাথো স্মৃতিৰ কেইখিলামান পাত তাতে কেইটিমান শব্দ এৰি যাম যি ৰৈ যাব কাৰোবাৰ ওঁঠত হাঁহিহৈ ওলমি সুৰৰ স ’ তে মিলি গ ’ লে হৈ ৰ ’ ম গীত এতিয়া মই যাওঁ, ফুলৰ স ’ তে আছে মোৰ অলেখ নপতা কথা সিহঁতৰ সুবাসক দি যাম মোৰ উশাহ সুগন্ধিবোৰে বিচাৰি উলিয়াব তোমালোকৰ ঠিকনা জানোচা কাহানিবা মোলে ’ ও মনত পেলোৱা সেই ফুলবোৰকে সুধিবা মোৰ কথা চেনেহ প্ৰীতিৰ অপ্ৰমাদী ব্যথা, ধূলিৰ জীৱন ধূলিতে মিলি যাম মাটিকে সাৱটি মই শুই যাম নে সুৰ থাকিব নে গান (!) খালী হাতেৰেই আহিছিলো মই খালী হাতে গুচি যাম।