Skip to main content

Posts

Showing posts from October, 2021

ৰুমিৰ কবিতাৰ অসমীয়া অনুবাদ

মই তোমাক কোৱা নাছিলো জানো মূলঃ মৌলানা জালালুদ্দিন ৰুমি মই তোমাক কোৱা নাছিলো জানো- মোক কাহানিও এৰি নাযাবা, মইয়ে তোমাৰ একমাত্ৰ বন্ধু মইয়ে চিৰবসন্ত জীৱনৰ। শত-সহস্র বছৰ ধৰি খঙে-অভিমানে হৃদয় আৱৰি দূৰে দূৰে থাকা যদিও মোকে পাহৰি, এদিনটো আহিবাই উভতি, আহিবই লাগিব ঘূৰি কাৰণ, মইয়ে তোমাৰ গন্তব্য, তোমাৰ শেষ হাঁহি। মই তোমাক কোৱা নাছিলো জানো- ৰঙীন পৃথিৱীৰ ৰঙেৰে বিচলিত নহ'বা, যিহেতু মইয়ে আটাইতকৈ উৎকৃষ্ট, চিত্ৰকৰ সৰ্বশ্ৰেষ্ঠ। মই তোমাক কোৱা নাছিলো জানো- তুমি মাছ, কেতিয়াও সেই মৰুভূমিলৈ নাযাবা যিহেতু আটাইতকৈ গভীৰ, মইয়ে সাগৰ, তোমাৰ বাবে যথেষ্ট। মই তোমাক কোৱা নাছিলো জানো- চৰাইৰ দৰে জালত নপৰিবা কিয়নো মইয়ে তোমাৰ ডেউকা, পোহৰৰ চালিকা শক্তি। মই তোমাক কোৱা নাছিলো জানো- সিহঁতক বিফল কৰা যিয়ে তোমাক বৰফলৈ ৰূপান্তৰ কৰিব খোজে, যিহেতু মইয়ে জুইৰ শিখা, তোমাৰ সৰ্বোচ্চ উষ্ণতা। মই তোমাক কোৱা নাছিলো জানো- সেইবোৰে তোমাক দূষিত কৰিব আৰু তোমাক পাহৰিবলৈ বাধ্য কৰিব, যে মইয়ে বসন্ত, সৰ্বকালৰ ঋতু শ্ৰেষ্ঠ। মই তোমাক কোৱা নাছিলো জানো- মোৰ প্ৰক্ৰিয়াৰ বিষয়ে প্ৰশ্ন নকৰিবা কাৰণ সকলোবোৰ নিৰ্দেশিত আৰু মই ইয়াৰ সৃষ্টিকৰ্তা। মই তোমাক কোৱ

অভয়াপুৰী (Abhayapuri)