Skip to main content

Posts

Showing posts from February, 2025

ভালপোৱাৰ কবিতা

(১) তোমাৰ সলাজ চাৱনিত মোৰ চকু পোৰে ইমানকৈ কিয় সাজিছা মোৰ বুকু দহে তুমি দূৰণিৰ জোন আন্ধাৰে-পোহৰে মোৰ চকুলো সৰে। ইমান গভীৰতাৰে তোমাক কোনেনো বিচাৰে মৰমৰ ডোলে মন বান্ধি ৰাখে। (২) নীলা আকাশৰ গভীৰতাত নৈৰ তলত শিলগুটিৰ দৰে দিনৰ পোহৰত নেদেখা তৰাবোৰ পৰি থাকে এন্ধাৰ হোৱালৈ। তুমি সেইবোৰ দেখা নোপোৱা, কিন্তু সেয়া তাত আছে নেদেখা বস্তুবোৰ এতিয়াও আছে। (৩) নৈত এটোপাল তেজ নিহলি হৈ গৈছিল পানীত ওপঙি আছিল ৰঙা সন্ধিয়া জোনে ছটিয়াই দিছিল জোনাক আমাৰ জিভাত। আৰু কিমান কাঢ়িবি অ’ নদী চকু উখহি নামি আহে ব্যথা নোপোৱাখিনিৰ। মই তোমাক ওৰেতো জীৱনৰ বাবে ভাল পাওঁ কাৰণ তুমিয়ে মোৰ হাড়ত লাগি থকা মাংস।