প্ৰতিটো ব্যৰ্থ প্ৰেমেই মোক অভিমানী আৰু বেছি অহংকাৰী কৰি তোলে মোৰ শিৰাই শিৰাই দুখ বৰফৰ দৰে হিমায়িত মোৰ তেজত মিশ্ৰিত অতৃপ্ত উপাদান এপাহি নিষ্পাপ ফুলৰ দৰে সৰি পৰে মোৰ অভিলাষী আকাংক্ষা ব্যৰ্থতাৰ বাদে মই একো অনা নাই কাৰোৰে পৰা জীৱনৰ শূণ্য পিয়লা প্ৰতিটো ব্যৰ্থ প্ৰেমেই যেন একো একোটা কবিতা মোৰ হাতত পৃথিৱীৰ ব্যৰ্থ প্ৰেমিকৰ হাত বাগৰি অহা ৰৌদ্ৰোজ্জ্বল পতাকা।