হয়তো মই মানুহ নহয় মোৰ কোনো ঘৰ নাই কেৱল ঘৰমুৱা এক যাত্ৰা আছে। কিন্তু মানুহৰ ঘৰ থাকে ঘৰৰ ভিতৰত ভালপোৱা মানুহ থাকে মৰমৰ মাত, ভোকত ভাত খং, অভিমান, ঈৰ্ষা, কোলাহল সকলো থাকে। মানুহৰ ঘৰৰ ভিতৰতো একোখনকৈ ঘৰ থাকে তাত এখনি ফুলনি থাকে মৌমাখিৰ গুনগুননি থাকে তাত গান থাকে, কবিতা থাকে ৰং থাকে, হেঁপাহ থাকে তাত গ্ৰহ, নক্ষত্ৰ, তৰা ভৰা এখনি আকাশ থাকে ৰ'দ থাকে, বৰষুণ থাকে তাত ন-ন বৰণৰ সপোন থাকে সপোন ভাঙি পৰাৰ ভয় থাকে তাত প্ৰেম থাকে প্ৰেমৰ ভিন-ভিন কাৰক আৰু কাৰণ থাকে। মোৰ কোন ঘৰ নাই হয়তো মই মানুহ নহয়? মোৰ স'তে মেঘ আছে ৰ'দ নাই পানী আছে বৰষুণ নাই শোক আছে দুখ নাই হেৰুৱাৰ ভয় নাই কোনো সপোন নাই কোনো প্ৰেম নাই। কোনো ঘৰ নাই, ঘৰ নামৰ কেৱল এক শূণ্যতা আছে। বন্ধু, তুমিও মোৰ নিচিনাই নেকি? কেৱল ঘৰমুৱা এটি বাটৰ পথিক আহা, দুয়ো একেলগে আগবাঢ়ো দিন আৰু ৰাতিবোৰতকৈও দীঘল এই জীৱনৰ অৱসাদখিনিৰ ভাগ-বতৰা কৰোঁ।
Assamese Poem অসমীয়া কবিতা Assamese Love Poem অসমীয়া প্ৰেমৰ কবিতা ভালপোৱাৰ কবিতা Bhalpowar Kabita
fragrance of sweet & lovely words...