Skip to main content

উভতি নহাৰ বাটেৰে (জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি)

 উতনুৱা চৰাইজাকক হুৰাই দি

বেপৰোৱা গান এটা বাজি উঠিছিল

মেঘৰ আলেঙে আলেঙে

দিহিঙে দিপাঙে

ৰ'দৰ দৰে

জোনৰ দৰে

দূৰে দূৰে, সীমনাৰ সিপাৰে

বতাহৰ স'তে সুহুৰিয়াই সুহুৰিয়াই গানটি

পথাৰে-পথাৰে, চহৰে-নগৰে

আলিয়ে-পদুলিয়ে, ঘৰে-ঘৰে

বাজি বাজি ক্ৰমান্বয়ে

ইউকেলিপটাছ গছৰ দৰে ওখ হৈ গৈ আছিল

গৈ গৈ হঠাৎ সাগৰীয় ঢউত মিলি গ'ল গানটি।

সাগৰ তলিৰ ব্ৰঞ্জৰ ঢেঁকীয়াবোৰে

সোণালী ফিছাৰ মাছবোৰে

গানটোক সাৱটি ফেঁকুৰি ফেঁকুৰি চিঞৰিলে,

চকু মেলা, সাৰ পোৱা, আমালৈ চোৱা!


সন্ধিয়াৰ আকাশ

জুইকুৰা নুমাই ছাঁই হৈ গ'ল।


কিন্তু, কাহানিবা উভতি আহিবানে

ৰ'দৰ উমাল চিঠি এখনি হৈ

আহিবানে তুমি?





Comments

Popular posts from this blog

দুখৰ কবিতা (Assamese Sad Poem)

(১)  এটি ছেফটি পিনৰ খোঁচত এৰি  গ'ল কলিজাৰ এফাল তেজবোৰ পানী হৈ শিৰাই শিৰাই বিষ জহি খহি গ'ল ঘৰৰ ভিতৰৰ ঘৰ নুমাই প্ৰদীপ। (২) গজমূৰা জীৱন। চিগাৰেটৰ ধোৱাত উৰি যায় সংলাপহীন ক্ষোভ ছাই হৈ পৰি ৰয় হুমুনিয়াহ। (৩) দুখে যেতিয়া উচুপি উঠে মোৰ চোলাৰ সিয়নি ফালি লঠঙা হ'ই ফাগুন উন্মত্ত হ'ল বতাহ নৈৰ মোহনাত ৰঙাকৈ পৰি আছেে ভাগৰুৱা বেলি আজি ৰাতি এজাক বৰষুণ অহা হ'লে চিঞৰি চিঞৰি কান্দিব পাৰিলোঁহেতেন। (৪) বতাহত ফাগুন গছবোৰ নাঙঠ হৈ আকাশলৈ চাই আছে এটা দীঘল হুমুনিয়াহৰ দৰে সন্ধ্যা নামি আহিছে।

ৰঙালী-ব'হাগ (Poem on Rongali-Bohag Bihu)

 

হে নাৰী (poem on women's day)