য'ত অধিকাৰ বুলিবলৈ একো নাই
তেনে সম্পৰ্কতো খুব নিষ্ঠাৰে দায়িত্ব পালন কৰা হয়।
য'ত নাই কোনো মিলনৰ প্ৰতিশ্ৰুতি
এৰো বুলি এৰি দিব পাৰি
ছিগো বুলি ছিঙি দিব পাৰি মৰমৰ এনাজৰি।
এয়া তেনে এক সম্পৰ্ক
যি ভাগ্যত নাই
কিন্তু বুকুজুৰি আছে বিয়পি।
মনটোৱে বাৰে বাৰে সোধে,
ইয়াৰ ফলাফল পামনো কি?
কোনোবা অখ্যাত কবিয়ে কৈছিল,
সম্পৰ্কত যতিচিহ্ন আহিলেই সম্পৰ্ক এটা
শেষ হৈ নাযায়।
কিছুমান সম্পৰ্ক ধৰি ৰাখিবলৈ কোনো কাৰণ নালাগে
ই গোটেই জীৱন অনুভূতিৰ সুগন্ধি পখিলা হৈ হৃদয়ত জী থাকে।
কিছুমান সম্পৰ্কৰ কোনো নাম নাথাকে
কেৱল হৃদয়ত থাকে।
Comments