হে নাৰী যদি তুমি নিজকে দুখ আৰু যন্ত্ৰণাতে পোৱা এই শব্দবোৰকে এখনি নিহালিৰ দৰে মেৰিয়াই লোৱা, নিচুকণিৰ দৰে কোমল যি সপোনৰ দৰে উজ্জ্বল, মেঘৰ দৰে আলসুৱা যি বৰষুণৰ দৰে ঠুনুকা, বতাহৰ দৰে চঞ্চলা যি মাটিৰ দৰে উৰ্বৰা, ৰ'দৰ দৰে শক্তিশালী যি জোনাকৰ দৰে এন্ধাৰ বিনাশী, যদি তুমি ভবা, সকলো শেষ হৈ গৈছে ক্লান্ত, পৰিশ্ৰান্ত, অৱহেলিত তুমি। হে অদম্য যুঁজাৰু, বিশাল আকাশৰ তলত একমাত্ৰ তুমিয়ে শুদ্ধ, তুমিয়ে সঁচা এই পৃথিৱীত কেৱল তুমি এক জীৱন্ত কবিতা যি মক্কাৰ দৰে পৱিত্ৰ য'ত মহাবোধিৰ নিচিনা প্ৰশান্তি।
fragrance of sweet & lovely words...