Skip to main content

হে অদম্য যুঁজাৰু


 

হে নাৰী

যদি তুমি নিজকে দুখ আৰু যন্ত্ৰণাতে পোৱা

এই শব্দবোৰকে এখনি নিহালিৰ দৰে মেৰিয়াই লোৱা,

নিচুকণিৰ দৰে কোমল যি সপোনৰ দৰে উজ্জ্বল,

মেঘৰ দৰে আলসুৱা যি বৰষুণৰ দৰে ঠুনুকা,

বতাহৰ দৰে চঞ্চলা যি মাটিৰ দৰে উৰ্বৰা,

ৰ'দৰ দৰে শক্তিশালী যি জোনাকৰ দৰে এন্ধাৰ বিনাশী,

যদি তুমি ভবা, সকলো শেষ হৈ গৈছে

ক্লান্ত, পৰিশ্ৰান্ত, অৱহেলিত তুমি।

হে অদম্য যুঁজাৰু, বিশাল আকাশৰ তলত

একমাত্ৰ তুমিয়ে শুদ্ধ, তুমিয়ে সঁচা

এই পৃথিৱীত কেৱল তুমি

এক জীৱন্ত কবিতা

যি মক্কাৰ দৰে পৱিত্ৰ

য'ত মহাবোধিৰ নিচিনা প্ৰশান্তি।

Comments

Popular posts from this blog

দুখৰ কবিতা (Assamese Sad Poem)

(১)  এটি ছেফটি পিনৰ খোঁচত এৰি  গ'ল কলিজাৰ এফাল তেজবোৰ পানী হৈ শিৰাই শিৰাই বিষ জহি খহি গ'ল ঘৰৰ ভিতৰৰ ঘৰ নুমাই প্ৰদীপ। (২) গজমূৰা জীৱন। চিগাৰেটৰ ধোৱাত উৰি যায় সংলাপহীন ক্ষোভ ছাই হৈ পৰি ৰয় হুমুনিয়াহ। (৩) দুখে যেতিয়া উচুপি উঠে মোৰ চোলাৰ সিয়নি ফালি লঠঙা হ'ই ফাগুন উন্মত্ত হ'ল বতাহ নৈৰ মোহনাত ৰঙাকৈ পৰি আছেে ভাগৰুৱা বেলি আজি ৰাতি এজাক বৰষুণ অহা হ'লে চিঞৰি চিঞৰি কান্দিব পাৰিলোঁহেতেন। (৪) বতাহত ফাগুন গছবোৰ নাঙঠ হৈ আকাশলৈ চাই আছে এটা দীঘল হুমুনিয়াহৰ দৰে সন্ধ্যা নামি আহিছে।

ৰঙালী-ব'হাগ (Poem on Rongali-Bohag Bihu)

 

হে নাৰী (poem on women's day)