Skip to main content

ব্যৰ্থ প্ৰেম

 


প্ৰতিটো ব্যৰ্থ প্ৰেমেই মোক অভিমানী

আৰু বেছি অহংকাৰী কৰি তোলে

মোৰ শিৰাই শিৰাই দুখ

বৰফৰ দৰে হিমায়িত

মোৰ তেজত মিশ্ৰিত অতৃপ্ত উপাদান

এপাহি নিষ্পাপ ফুলৰ দৰে সৰি পৰে

মোৰ অভিলাষী আকাংক্ষা

ব্যৰ্থতাৰ বাদে মই একো অনা নাই কাৰোৰে পৰা

জীৱনৰ শূণ্য পিয়লা

প্ৰতিটো ব্যৰ্থ প্ৰেমেই যেন একো একোটা কবিতা

মোৰ হাতত পৃথিৱীৰ ব্যৰ্থ প্ৰেমিকৰ হাত বাগৰি অহা

ৰৌদ্ৰোজ্জ্বল পতাকা।




Comments

Popular posts from this blog

দুখৰ কবিতা (Assamese Sad Poem)

(১)  এটি ছেফটি পিনৰ খোঁচত এৰি  গ'ল কলিজাৰ এফাল তেজবোৰ পানী হৈ শিৰাই শিৰাই বিষ জহি খহি গ'ল ঘৰৰ ভিতৰৰ ঘৰ নুমাই প্ৰদীপ। (২) গজমূৰা জীৱন। চিগাৰেটৰ ধোৱাত উৰি যায় সংলাপহীন ক্ষোভ ছাই হৈ পৰি ৰয় হুমুনিয়াহ। (৩) দুখে যেতিয়া উচুপি উঠে মোৰ চোলাৰ সিয়নি ফালি লঠঙা হ'ই ফাগুন উন্মত্ত হ'ল বতাহ নৈৰ মোহনাত ৰঙাকৈ পৰি আছেে ভাগৰুৱা বেলি আজি ৰাতি এজাক বৰষুণ অহা হ'লে চিঞৰি চিঞৰি কান্দিব পাৰিলোঁহেতেন। (৪) বতাহত ফাগুন গছবোৰ নাঙঠ হৈ আকাশলৈ চাই আছে এটা দীঘল হুমুনিয়াহৰ দৰে সন্ধ্যা নামি আহিছে।

ৰঙালী-ব'হাগ (Poem on Rongali-Bohag Bihu)

 

হে নাৰী (poem on women's day)