Skip to main content

Posts

মোৰ খোজবোৰে বাট নুবুলে তোমালৈ

মোৰ খোজবোৰে বাট নুবুলে তোমালৈ আৰু তোমাৰ খোজবোৰেও বাট নুবুলে মোলৈ কাৰণ দুয়োৰে ৰাস্তা দুটা যে পৃথক। দুখীয়াৰ ঘৰবোৰ যেন বানে গৰকা এখনি গাঁও  য’ত অসহায় চকুবোৰ জুম বান্ধি থাকে। কেৱল তেওঁলোকে কাঁচৰ ঘৰত থাকে যাৰ বতাহলৈ ভয় নাই।   তেওঁলোকৰ ঘৰৰ কোঠালিবোৰ সন্দেহৰে ভৰা য’ত খিৰিকিবোৰ কেৱল খিৰিকি য’ত মৰাশৰ দৰে চেঁচা চকুবোৰ কিছুমান প্রশ্নৰে গধুৰ হৈ থাকে।   শুকান কুৱা এটাত ওলমি থকা ৰচী বিহীন কপিকলটোৰ নিচিনাই সিহঁতৰ জীৱন।   ছাইমুৱা গধূলিটোত ভাসমান নৈ ছায়াৰ দৰে নাইকীয়া হৈ যায় সিহঁতৰ মুখবোৰ ভঙা-ছিঙা মাতবোৰ।   আন্ধাৰত কেৱল দুখীয়াৰ ঘৰবোৰ ক’লা দেখি কিয় ?

দুটি ভিন্ন অনুভৱ (Two Different Feelings)

Assamese Poem Lockdown (লক্ডাউন)

Rongali Bohag ৰঙালী-ব'হাগ

বিশাল শূণ্যতা

হে নাৰী (poem on women's day)

জুই হ'ব খোজা মানুহলৈ