Skip to main content

মোৰ খোজবোৰে বাট নুবুলে তোমালৈ

মোৰ খোজবোৰে বাট নুবুলে তোমালৈ
আৰু তোমাৰ খোজবোৰেও বাট নুবুলে মোলৈ
কাৰণ দুয়োৰে ৰাস্তা দুটা যে পৃথক।

দুখীয়াৰ ঘৰবোৰ
যেন বানে গৰকা এখনি গাঁও 
য’ত অসহায় চকুবোৰ জুম বান্ধি থাকে।

কেৱল তেওঁলোকে কাঁচৰ ঘৰত থাকে

যাৰ বতাহলৈ ভয় নাই।

 

তেওঁলোকৰ ঘৰৰ কোঠালিবোৰ সন্দেহৰে ভৰা

য’ত খিৰিকিবোৰ কেৱল খিৰিকি

য’ত মৰাশৰ দৰে চেঁচা চকুবোৰ

কিছুমান প্রশ্নৰে গধুৰ হৈ থাকে।

 

শুকান কুৱা এটাত ওলমি থকা ৰচী বিহীন

কপিকলটোৰ নিচিনাই সিহঁতৰ জীৱন।

 

ছাইমুৱা গধূলিটোত

ভাসমান নৈ

ছায়াৰ দৰে নাইকীয়া হৈ যায়

সিহঁতৰ মুখবোৰ

ভঙা-ছিঙা মাতবোৰ।

 

আন্ধাৰত

কেৱল দুখীয়াৰ ঘৰবোৰ ক’লা দেখি কিয় ?

Comments

Popular posts from this blog

দুখৰ কবিতা (Assamese Sad Poem)

(১)  এটি ছেফটি পিনৰ খোঁচত এৰি  গ'ল কলিজাৰ এফাল তেজবোৰ পানী হৈ শিৰাই শিৰাই বিষ জহি খহি গ'ল ঘৰৰ ভিতৰৰ ঘৰ নুমাই প্ৰদীপ। (২) গজমূৰা জীৱন। চিগাৰেটৰ ধোৱাত উৰি যায় সংলাপহীন ক্ষোভ ছাই হৈ পৰি ৰয় হুমুনিয়াহ। (৩) দুখে যেতিয়া উচুপি উঠে মোৰ চোলাৰ সিয়নি ফালি লঠঙা হ'ই ফাগুন উন্মত্ত হ'ল বতাহ নৈৰ মোহনাত ৰঙাকৈ পৰি আছেে ভাগৰুৱা বেলি আজি ৰাতি এজাক বৰষুণ অহা হ'লে চিঞৰি চিঞৰি কান্দিব পাৰিলোঁহেতেন। (৪) বতাহত ফাগুন গছবোৰ নাঙঠ হৈ আকাশলৈ চাই আছে এটা দীঘল হুমুনিয়াহৰ দৰে সন্ধ্যা নামি আহিছে।

ৰঙালী-ব'হাগ (Poem on Rongali-Bohag Bihu)

 

হে নাৰী (poem on women's day)