Skip to main content

Posts

বিষাদময় (Full of Pain)

 

ভাবানুবাদ কবিতা (অসমীয়া অনুবাদ কবিতাঃ আৰ্ছেনি তাৰকোভস্কি)

 

প্ৰেম, ভালপোৱা ইত্যাদি...

(১) এৰি অহা দিনবোৰে যদি তোমাকো আমনি কৰে কোনোবাদিন ফাগুনে কঙালী কৰা বিৰিখে যদি এখিলা পাতকে থাকে সাৱটি মোলৈ মনত পেলাই তুমিও এদিন চকুলোৰে তিয়াবা তোমাৰো চকুৰ পাহি। (২) বসন্তৰ এটি এটি কলি ক’ত ক’ত জানো এৰি আহিলোঁ পালোঁ কি হেৰুৱালোঁ তাৰো গম নাৰাখিলোঁ কেৱল মাথো তোমাৰ নামৰ ঠিকনাটি বুকুৰে ক’ৰবাত বৰ যতনে গোপনে সাঁচি ৰাখিলোঁ। (৩) উফঃ ব’হাগৰ এই বৰষুণৰ গুনগুন যেন প্রথম প্রেমৰ সুৰ তুমি ৰ’দ মই ৰ’দালি তুমি জোন মই তোমাৰে জোনাকী মোৰ উকা পদুলিৰ তুমি বকুল সেই সুবাসেৰে মন বিয়াকুল পাতলীয়া হিয়া নোৱাৰি ৰাখিব বান্ধি কি কৰোঁ, নকৰোঁ ভাবনাত এই কেঁচাপতীয়া জীৱনটো দিলোঁ তোমাৰ নামতে লিখি। (৫) আঙুলিয়ে আঙুলিক হাতে হাত খামোচি অজানিতে বান্ধ খাই পৰিছে দুটা জীৱন এতিয়া এটা আমি খোজে খোজ মিলাই গৈ আছোঁ দুখন সৰু সৰু পৃথিৱীয়ে যেন হাঁহিছে ভগাই লৈছোঁ সুখ আৰু অসুখবোৰ ইজনে আনজনৰ এই হাঁহি আৰু চকুলোৰ মাজত ৰামধেনুৰ দৰে বিয়পি পৰিছে ইমূৰৰ পৰা সিমূৰলৈ হৃদয়ৰ পৰা হৃদয়লৈ আমাৰ উদাত্ত প্ৰেম।

ভাবানুবাদ কবিতা

 

চাৰিটা স্তৱক (Four Paragraphs)

 

মই ক'ব খোজা নাই যে ভালপাবই লাগিব

 

মোৰ খোজবোৰে বাট নুবুলে তোমালৈ

মোৰ খোজবোৰে বাট নুবুলে তোমালৈ আৰু তোমাৰ খোজবোৰেও বাট নুবুলে মোলৈ কাৰণ দুয়োৰে ৰাস্তা দুটা যে পৃথক। দুখীয়াৰ ঘৰবোৰ যেন বানে গৰকা এখনি গাঁও  য’ত অসহায় চকুবোৰ জুম বান্ধি থাকে। কেৱল তেওঁলোকে কাঁচৰ ঘৰত থাকে যাৰ বতাহলৈ ভয় নাই।   তেওঁলোকৰ ঘৰৰ কোঠালিবোৰ সন্দেহৰে ভৰা য’ত খিৰিকিবোৰ কেৱল খিৰিকি য’ত মৰাশৰ দৰে চেঁচা চকুবোৰ কিছুমান প্রশ্নৰে গধুৰ হৈ থাকে।   শুকান কুৱা এটাত ওলমি থকা ৰচী বিহীন কপিকলটোৰ নিচিনাই সিহঁতৰ জীৱন।   ছাইমুৱা গধূলিটোত ভাসমান নৈ ছায়াৰ দৰে নাইকীয়া হৈ যায় সিহঁতৰ মুখবোৰ ভঙা-ছিঙা মাতবোৰ।   আন্ধাৰত কেৱল দুখীয়াৰ ঘৰবোৰ ক’লা দেখি কিয় ?