Skip to main content

Posts

ৰুমিৰ কবিতাৰ অসমীয়া অনুবাদ

মই তোমাক কোৱা নাছিলো জানো মূলঃ মৌলানা জালালুদ্দিন ৰুমি মই তোমাক কোৱা নাছিলো জানো- মোক কাহানিও এৰি নাযাবা, মইয়ে তোমাৰ একমাত্ৰ বন্ধু মইয়ে চিৰবসন্ত জীৱনৰ। শত-সহস্র বছৰ ধৰি খঙে-অভিমানে হৃদয় আৱৰি দূৰে দূৰে থাকা যদিও মোকে পাহৰি, এদিনটো আহিবাই উভতি, আহিবই লাগিব ঘূৰি কাৰণ, মইয়ে তোমাৰ গন্তব্য, তোমাৰ শেষ হাঁহি। মই তোমাক কোৱা নাছিলো জানো- ৰঙীন পৃথিৱীৰ ৰঙেৰে বিচলিত নহ'বা, যিহেতু মইয়ে আটাইতকৈ উৎকৃষ্ট, চিত্ৰকৰ সৰ্বশ্ৰেষ্ঠ। মই তোমাক কোৱা নাছিলো জানো- তুমি মাছ, কেতিয়াও সেই মৰুভূমিলৈ নাযাবা যিহেতু আটাইতকৈ গভীৰ, মইয়ে সাগৰ, তোমাৰ বাবে যথেষ্ট। মই তোমাক কোৱা নাছিলো জানো- চৰাইৰ দৰে জালত নপৰিবা কিয়নো মইয়ে তোমাৰ ডেউকা, পোহৰৰ চালিকা শক্তি। মই তোমাক কোৱা নাছিলো জানো- সিহঁতক বিফল কৰা যিয়ে তোমাক বৰফলৈ ৰূপান্তৰ কৰিব খোজে, যিহেতু মইয়ে জুইৰ শিখা, তোমাৰ সৰ্বোচ্চ উষ্ণতা। মই তোমাক কোৱা নাছিলো জানো- সেইবোৰে তোমাক দূষিত কৰিব আৰু তোমাক পাহৰিবলৈ বাধ্য কৰিব, যে মইয়ে বসন্ত, সৰ্বকালৰ ঋতু শ্ৰেষ্ঠ। মই তোমাক কোৱা নাছিলো জানো- মোৰ প্ৰক্ৰিয়াৰ বিষয়ে প্ৰশ্ন নকৰিবা কাৰণ সকলোবোৰ নিৰ্দেশিত আৰু মই ইয়াৰ সৃষ্টিকৰ্তা। মই তোমাক কোৱ...

অভয়াপুৰী (Abhayapuri)

 

মৰ্মান্তিক

 

তোমাৰ সুগন্ধি ( আফগানী কবিতাৰ অনুবাদ)

 

বিষাদময় (Full of Pain)

 

ভাবানুবাদ কবিতা (অসমীয়া অনুবাদ কবিতাঃ আৰ্ছেনি তাৰকোভস্কি)

 

প্ৰেম, ভালপোৱা ইত্যাদি...

(১) এৰি অহা দিনবোৰে যদি তোমাকো আমনি কৰে কোনোবাদিন ফাগুনে কঙালী কৰা বিৰিখে যদি এখিলা পাতকে থাকে সাৱটি মোলৈ মনত পেলাই তুমিও এদিন চকুলোৰে তিয়াবা তোমাৰো চকুৰ পাহি। (২) বসন্তৰ এটি এটি কলি ক’ত ক’ত জানো এৰি আহিলোঁ পালোঁ কি হেৰুৱালোঁ তাৰো গম নাৰাখিলোঁ কেৱল মাথো তোমাৰ নামৰ ঠিকনাটি বুকুৰে ক’ৰবাত বৰ যতনে গোপনে সাঁচি ৰাখিলোঁ। (৩) উফঃ ব’হাগৰ এই বৰষুণৰ গুনগুন যেন প্রথম প্রেমৰ সুৰ তুমি ৰ’দ মই ৰ’দালি তুমি জোন মই তোমাৰে জোনাকী মোৰ উকা পদুলিৰ তুমি বকুল সেই সুবাসেৰে মন বিয়াকুল পাতলীয়া হিয়া নোৱাৰি ৰাখিব বান্ধি কি কৰোঁ, নকৰোঁ ভাবনাত এই কেঁচাপতীয়া জীৱনটো দিলোঁ তোমাৰ নামতে লিখি। (৫) আঙুলিয়ে আঙুলিক হাতে হাত খামোচি অজানিতে বান্ধ খাই পৰিছে দুটা জীৱন এতিয়া এটা আমি খোজে খোজ মিলাই গৈ আছোঁ দুখন সৰু সৰু পৃথিৱীয়ে যেন হাঁহিছে ভগাই লৈছোঁ সুখ আৰু অসুখবোৰ ইজনে আনজনৰ এই হাঁহি আৰু চকুলোৰ মাজত ৰামধেনুৰ দৰে বিয়পি পৰিছে ইমূৰৰ পৰা সিমূৰলৈ হৃদয়ৰ পৰা হৃদয়লৈ আমাৰ উদাত্ত প্ৰেম।