Skip to main content

দীপান্বিতাৰ সন্ধিয়া (অসমীয়া কবিতা)

 দীপান্বিতাৰ সন্ধিয়া

 

দেখিছোঁ ঢিমিক-ঢামাককৈ জ্বলি থকা চাকিবোৰ

এগছি এগছি কৈ নুমাই যোৱা

সাগৰীয় বতাহজাকে উৰুৱাই অনা মেঘবোৰ

ঘৰবোৰৰ ওপৰত নাচি থকা

নিৰাশাই ঘেৰি ধৰা সন্ধিয়া

আশাহত মানুহ,

যাৰ হৃদয় দুৱাৰ মোৰ বাবে বন্ধ হৈছে

আন্তৰিকতাৰ এপাহি দুপাহি ফুল, সেয়াও মৰহিছে

যি আজি আছে সেয়া কাইলৈও ৰৈ যাব

ইয়াত হেৰুৱাবলৈ একো নাই

সময় মোৰ দেহ চুই বাগৰি গৈ আছে

আৰু আন্ধাৰত ডুব গৈ আছে

পল-অনুপল জীৱনৰ ক্ষণ,

মই পোহৰ বিচাৰি যাওঁ

মাটিকে সাৱটি মই শুই যাম

ধূলিৰ জীৱন ধূলিতে মিলি যাম

মাথো স্মৃতিৰ কেইখিলামান পাত

তাতে কেইটিমান শব্দ এৰি যাম

যি ৰৈ যাব কাৰোবাৰ ওঁঠত

হাঁহিহৈ ওলমি

সুৰৰ সতে মিলি গলে হৈ ৰম গীত

এতিয়া মই যাওঁ, ফুলৰ সতে আছে মোৰ

অলেখ নপতা কথা

সিহঁতৰ সুবাসক দি যাম মোৰ উশাহ

সুগন্ধিবোৰে বিচাৰি উলিয়াব তোমালোকৰ ঠিকনা

জানোচা কাহানিবা মোলেও মনত পেলোৱা

সেই ফুলবোৰকে সুধিবা মোৰ কথা

চেনেহ প্ৰীতিৰ অপ্ৰমাদী ব্যথা,

ধূলিৰ জীৱন ধূলিতে মিলি যাম

মাটিকে সাৱটি মই শুই যাম

নে সুৰ থাকিব নে গান (!)

খালী হাতেৰেই আহিছিলো মই

খালী হাতে গুচি যাম।



Comments

Popular posts from this blog

দুখৰ কবিতা (Assamese Sad Poem)

(১)  এটি ছেফটি পিনৰ খোঁচত এৰি  গ'ল কলিজাৰ এফাল তেজবোৰ পানী হৈ শিৰাই শিৰাই বিষ জহি খহি গ'ল ঘৰৰ ভিতৰৰ ঘৰ নুমাই প্ৰদীপ। (২) গজমূৰা জীৱন। চিগাৰেটৰ ধোৱাত উৰি যায় সংলাপহীন ক্ষোভ ছাই হৈ পৰি ৰয় হুমুনিয়াহ। (৩) দুখে যেতিয়া উচুপি উঠে মোৰ চোলাৰ সিয়নি ফালি লঠঙা হ'ই ফাগুন উন্মত্ত হ'ল বতাহ নৈৰ মোহনাত ৰঙাকৈ পৰি আছেে ভাগৰুৱা বেলি আজি ৰাতি এজাক বৰষুণ অহা হ'লে চিঞৰি চিঞৰি কান্দিব পাৰিলোঁহেতেন। (৪) বতাহত ফাগুন গছবোৰ নাঙঠ হৈ আকাশলৈ চাই আছে এটা দীঘল হুমুনিয়াহৰ দৰে সন্ধ্যা নামি আহিছে।

ৰঙালী-ব'হাগ (Poem on Rongali-Bohag Bihu)

 

হে নাৰী (poem on women's day)