মধুচন্দ্ৰিকাঃ বতাহ বলিছে বৰকৈ জুইকুৰা দাও-দাওকৈ জ্বলিছে মনত তাপত দহিছে শৰীৰ চৰৈৱতী চৰৈৱতী! তাৰপিছত লাহে লাহে তোমাৰ কাণৰ লটিত কুটকুটাই ডিঙিয়েদি নামি আহিব এখন পানী জাহাজ বুকুৰ ঠিয় গৰায়েদি নামি আহোতে যদি আঁচোৰ লাগে কলিজাত, তুমি জানো উফ্ বুলি উঠিবা? নাভীৰ দ' ৰ এচলু পানীত পখালি ল'ম মই জিভাৰ লুণীয়া সপ্তস্বৰৰ সপ্ত মঞ্জৰীয়ে খামুচি ধৰিব হেৰুৱা সুৰৰ তান এই জ্বলে এই নুমাই বিহগী ৰাতিৰ জুইৰ তাপত সকলো যেন ছাই হৈ যায়।
fragrance of sweet & lovely words...