Skip to main content

প্ৰস্তাৱনাঃ (Poem on Love in Assamese)

প্ৰস্তাৱনাঃ

ৰ'দটো গাত লৈ বাৰান্দাখনে হাঁহি আছিল

ভিজা চুলিবোৰ শুকাই শুকাই

কথাৰ জোঁটবোৰ এটি-এটিকৈ খুলি আছিল 

ৰ'দে থৰ লাগি বাৰান্দালৈ চাই আছিল।

বেলাটো পাৰ হোৱাৰ পিছত

সি যেতিয়া যাবলৈ ওলাল

তাই দুচকু সেমেকাই ক'লে,

সন্ধিয়া নামক একেবাৰেই যাবা

দীঘল ৰাতিটো মই কঁপি কঁপি

যেনেতেনে জাৰৰ স'তে পাৰ কৰিম

কেৱল পুৱাৰ অপেক্ষাত।


















Comments

Popular posts from this blog

হে নাৰী (poem on women's day)

Bhalpowar Kobita

Assamese Poem Lockdown (লক্ডাউন)