Skip to main content

মধুচন্দ্ৰিকা ( a love poem in Assamese)

মধুচন্দ্ৰিকাঃ

বতাহ বলিছে বৰকৈ

জুইকুৰা দাও-দাওকৈ জ্বলিছে মনত

তাপত দহিছে শৰীৰ

চৰৈৱতী চৰৈৱতী!

তাৰপিছত লাহে লাহে তোমাৰ কাণৰ লটিত কুটকুটাই

ডিঙিয়েদি নামি আহিব এখন পানী জাহাজ

বুকুৰ ঠিয় গৰায়েদি নামি আহোতে যদি আঁচোৰ লাগে কলিজাত,

তুমি জানো উফ্ বুলি উঠিবা?

নাভীৰ দ' ৰ এচলু পানীত পখালি ল'ম মই জিভাৰ লুণীয়া

সপ্তস্বৰৰ সপ্ত মঞ্জৰীয়ে খামুচি ধৰিব হেৰুৱা সুৰৰ তান

এই জ্বলে এই নুমাই

বিহগী ৰাতিৰ জুইৰ তাপত সকলো যেন ছাই হৈ যায়।





Comments

Popular posts from this blog

দুখৰ কবিতা (Assamese Sad Poem)

(১)  এটি ছেফটি পিনৰ খোঁচত এৰি  গ'ল কলিজাৰ এফাল তেজবোৰ পানী হৈ শিৰাই শিৰাই বিষ জহি খহি গ'ল ঘৰৰ ভিতৰৰ ঘৰ নুমাই প্ৰদীপ। (২) গজমূৰা জীৱন। চিগাৰেটৰ ধোৱাত উৰি যায় সংলাপহীন ক্ষোভ ছাই হৈ পৰি ৰয় হুমুনিয়াহ। (৩) দুখে যেতিয়া উচুপি উঠে মোৰ চোলাৰ সিয়নি ফালি লঠঙা হ'ই ফাগুন উন্মত্ত হ'ল বতাহ নৈৰ মোহনাত ৰঙাকৈ পৰি আছেে ভাগৰুৱা বেলি আজি ৰাতি এজাক বৰষুণ অহা হ'লে চিঞৰি চিঞৰি কান্দিব পাৰিলোঁহেতেন। (৪) বতাহত ফাগুন গছবোৰ নাঙঠ হৈ আকাশলৈ চাই আছে এটা দীঘল হুমুনিয়াহৰ দৰে সন্ধ্যা নামি আহিছে।

ৰঙালী-ব'হাগ (Poem on Rongali-Bohag Bihu)

 

হে নাৰী (poem on women's day)