Skip to main content

Posts

Showing posts from July, 2025

হয়তো মই মানুহ নহয় (Maybe I am not a human)

হয়তো মই মানুহ নহয় মোৰ কোনো ঘৰ নাই কেৱল ঘৰমুৱা এক যাত্ৰা আছে। কিন্তু মানুহৰ ঘৰ থাকে ঘৰৰ ভিতৰত ভালপোৱা মানুহ থাকে মৰমৰ মাত, ভোকত ভাত খং, অভিমান, ঈৰ্ষা, কোলাহল  সকলো থাকে। মানুহৰ ঘৰৰ ভিতৰতো একোখনকৈ ঘৰ থাকে তাত এখনি ফুলনি থাকে মৌমাখিৰ গুনগুননি থাকে তাত গান থাকে, কবিতা থাকে ৰং থাকে, হেঁপাহ থাকে তাত গ্ৰহ, নক্ষত্ৰ, তৰা ভৰা এখনি আকাশ থাকে ৰ'দ থাকে, বৰষুণ থাকে তাত ন-ন বৰণৰ সপোন থাকে সপোন ভাঙি পৰাৰ ভয় থাকে তাত প্ৰেম থাকে প্ৰেমৰ ভিন-ভিন কাৰক আৰু কাৰণ থাকে। মোৰ কোন ঘৰ নাই হয়তো মই মানুহ নহয়? মোৰ স'তে মেঘ আছে ৰ'দ নাই পানী আছে বৰষুণ নাই শোক আছে দুখ নাই হেৰুৱাৰ ভয় নাই কোনো সপোন নাই কোনো প্ৰেম নাই। কোনো ঘৰ নাই, ঘৰ নামৰ কেৱল এক শূণ্যতা আছে। বন্ধু, তুমিও মোৰ নিচিনাই নেকি? কেৱল ঘৰমুৱা এটি বাটৰ পথিক আহা, দুয়ো একেলগে আগবাঢ়ো দিন আৰু ৰাতিবোৰতকৈও দীঘল এই জীৱনৰ অৱসাদখিনিৰ ভাগ-বতৰা কৰোঁ।

হেঁপাহ (Dream)

 

ক'লা উদ্ভিদ (Black Plant)

 ক'লা উদ্ভিদ মই তোমাক কিবা ক'ব খুজিও ৰৈ গৈছোঁ তুমি মোক কিবা ক'ব খুজিও ৰৈ গৈছা মোৰ ভাষা তোমাৰ ভাষা এক হৈ পৰিছে হৃদয়ৰ ভাষা মই তোমালৈ ৰ' লাগি চাই আছোঁ তুমি মোলৈ ৰ' লাগি চাই আছা পৰিপূৰ্ণ আমাৰ চকুৰ ভাষা সন্তুষ্টিৰ আভা মই মোক এৰি থৈ আহিলো তোমাৰ কাষত তুমি তোমাক এৰি থৈ গ'লা মোৰ ওচৰত আমি ইজনে আনজনক লৈ উভতি আহিলো আবতৰীয়া বৰষুণজাকত তিতি-বুৰি নিসংগ ৰাতি আমাৰ লগে লগে আহি আছে ক'লা উদ্ভিদবোৰ।