Skip to main content

ক'লা উদ্ভিদ (Black Plant)

 ক'লা উদ্ভিদ

মই তোমাক কিবা ক'ব খুজিও ৰৈ গৈছোঁ

তুমি মোক কিবা ক'ব খুজিও ৰৈ গৈছা

মোৰ ভাষা তোমাৰ ভাষা

এক হৈ পৰিছে হৃদয়ৰ ভাষা

মই তোমালৈ ৰ' লাগি চাই আছোঁ

তুমি মোলৈ ৰ' লাগি চাই আছা

পৰিপূৰ্ণ আমাৰ চকুৰ ভাষা

সন্তুষ্টিৰ আভা

মই মোক এৰি থৈ আহিলো তোমাৰ কাষত

তুমি তোমাক এৰি থৈ গ'লা মোৰ ওচৰত

আমি ইজনে আনজনক লৈ উভতি আহিলো

আবতৰীয়া বৰষুণজাকত তিতি-বুৰি নিসংগ ৰাতি

আমাৰ লগে লগে আহি আছে ক'লা উদ্ভিদবোৰ।




Comments

Popular posts from this blog

দুখৰ কবিতা (Assamese Sad Poem)

(১)  এটি ছেফটি পিনৰ খোঁচত এৰি  গ'ল কলিজাৰ এফাল তেজবোৰ পানী হৈ শিৰাই শিৰাই বিষ জহি খহি গ'ল ঘৰৰ ভিতৰৰ ঘৰ নুমাই প্ৰদীপ। (২) গজমূৰা জীৱন। চিগাৰেটৰ ধোৱাত উৰি যায় সংলাপহীন ক্ষোভ ছাই হৈ পৰি ৰয় হুমুনিয়াহ। (৩) দুখে যেতিয়া উচুপি উঠে মোৰ চোলাৰ সিয়নি ফালি লঠঙা হ'ই ফাগুন উন্মত্ত হ'ল বতাহ নৈৰ মোহনাত ৰঙাকৈ পৰি আছেে ভাগৰুৱা বেলি আজি ৰাতি এজাক বৰষুণ অহা হ'লে চিঞৰি চিঞৰি কান্দিব পাৰিলোঁহেতেন। (৪) বতাহত ফাগুন গছবোৰ নাঙঠ হৈ আকাশলৈ চাই আছে এটা দীঘল হুমুনিয়াহৰ দৰে সন্ধ্যা নামি আহিছে।

ৰঙালী-ব'হাগ (Poem on Rongali-Bohag Bihu)

 

হে নাৰী (poem on women's day)