Skip to main content

হয়তো মই মানুহ নহয় (Maybe I am not a human)

হয়তো মই মানুহ নহয়

মোৰ কোনো ঘৰ নাই

কেৱল ঘৰমুৱা এক যাত্ৰা আছে।


কিন্তু মানুহৰ ঘৰ থাকে

ঘৰৰ ভিতৰত ভালপোৱা মানুহ থাকে

মৰমৰ মাত, ভোকত ভাত

খং, অভিমান, ঈৰ্ষা, কোলাহল 

সকলো থাকে।


মানুহৰ ঘৰৰ ভিতৰতো একোখনকৈ ঘৰ থাকে

তাত এখনি ফুলনি থাকে

মৌমাখিৰ গুনগুননি থাকে

তাত গান থাকে, কবিতা থাকে

ৰং থাকে, হেঁপাহ থাকে

তাত গ্ৰহ, নক্ষত্ৰ, তৰা ভৰা এখনি আকাশ থাকে

ৰ'দ থাকে, বৰষুণ থাকে

তাত ন-ন বৰণৰ সপোন থাকে

সপোন ভাঙি পৰাৰ ভয় থাকে

তাত প্ৰেম থাকে

প্ৰেমৰ ভিন-ভিন কাৰক আৰু কাৰণ থাকে।


মোৰ কোন ঘৰ নাই

হয়তো মই মানুহ নহয়?


মোৰ স'তে

মেঘ আছে ৰ'দ নাই

পানী আছে বৰষুণ নাই

শোক আছে দুখ নাই

হেৰুৱাৰ ভয় নাই

কোনো সপোন নাই

কোনো প্ৰেম নাই।

কোনো ঘৰ নাই,

ঘৰ নামৰ কেৱল

এক শূণ্যতা আছে।


বন্ধু,

তুমিও মোৰ নিচিনাই নেকি?

কেৱল ঘৰমুৱা এটি বাটৰ পথিক

আহা, দুয়ো একেলগে আগবাঢ়ো

দিন আৰু ৰাতিবোৰতকৈও দীঘল

এই জীৱনৰ অৱসাদখিনিৰ

ভাগ-বতৰা কৰোঁ।






Comments

Popular posts from this blog

দুখৰ কবিতা (Assamese Sad Poem)

(১)  এটি ছেফটি পিনৰ খোঁচত এৰি  গ'ল কলিজাৰ এফাল তেজবোৰ পানী হৈ শিৰাই শিৰাই বিষ জহি খহি গ'ল ঘৰৰ ভিতৰৰ ঘৰ নুমাই প্ৰদীপ। (২) গজমূৰা জীৱন। চিগাৰেটৰ ধোৱাত উৰি যায় সংলাপহীন ক্ষোভ ছাই হৈ পৰি ৰয় হুমুনিয়াহ। (৩) দুখে যেতিয়া উচুপি উঠে মোৰ চোলাৰ সিয়নি ফালি লঠঙা হ'ই ফাগুন উন্মত্ত হ'ল বতাহ নৈৰ মোহনাত ৰঙাকৈ পৰি আছেে ভাগৰুৱা বেলি আজি ৰাতি এজাক বৰষুণ অহা হ'লে চিঞৰি চিঞৰি কান্দিব পাৰিলোঁহেতেন। (৪) বতাহত ফাগুন গছবোৰ নাঙঠ হৈ আকাশলৈ চাই আছে এটা দীঘল হুমুনিয়াহৰ দৰে সন্ধ্যা নামি আহিছে।

ৰঙালী-ব'হাগ (Poem on Rongali-Bohag Bihu)

 

হে নাৰী (poem on women's day)