উতনুৱা চৰাইজাকক হুৰাই দি বেপৰোৱা গান এটা বাজি উঠিছিল মেঘৰ আলেঙে আলেঙে দিহিঙে দিপাঙে ৰ'দৰ দৰে জোনৰ দৰে দূৰে দূৰে, সীমনাৰ সিপাৰে বতাহৰ স'তে সুহুৰিয়াই সুহুৰিয়াই গানটি পথাৰে-পথাৰে, চহৰে-নগৰে আলিয়ে-পদুলিয়ে, ঘৰে-ঘৰে বাজি বাজি ক্ৰমান্বয়ে ইউকেলিপটাছ গছৰ দৰে ওখ হৈ গৈ আছিল গৈ গৈ হঠাৎ সাগৰীয় ঢউত মিলি গ'ল গানটি। সাগৰ তলিৰ ব্ৰঞ্জৰ ঢেঁকীয়াবোৰে সোণালী ফিছাৰ মাছবোৰে গানটোক সাৱটি ফেঁকুৰি ফেঁকুৰি চিঞৰিলে, চকু মেলা, সাৰ পোৱা, আমালৈ চোৱা! সন্ধিয়াৰ আকাশ জুইকুৰা নুমাই ছাঁই হৈ গ'ল। কিন্তু, কাহানিবা উভতি আহিবানে ৰ'দৰ উমাল চিঠি এখনি হৈ আহিবানে তুমি?