বতাহৰ ঘৰ ক'ত
(জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰে)
চৌপাশে এন্ধাৰ
ক'তো কোনো সাৰ-সুৰ নাই
পৰ্দাখনত বতাহ দুলি আছে।
ৰাতিৰ আকাশত
এটি তৰা জ্বলি আছিল
এটি তৰা হেৰাই গ'ল
এটি তৰাৰ মৃত্যু হ'ল।
খিৰিকীৰ কাঁচৰ মাজেৰে ধোঁৱাবোৰ
চেঁচা হৈ সৰকি আহিছে,
দূৰণিত বাজি থকা এটা দুখৰ গানো
খিৰিকীৰে সোমাই আহিছে।
গোটেই ৰাতিটোৱে থৰ লাগি চাই আছে
এন্ধাৰৰ মাজতো ফুলি থকা ফুলবোৰ।
কোনোবা সাৰে আছে,
কোনোবা উচুপি আছে,
দুখনি চেঁচা হাতে খামুচি ধৰিছে
গধুৰ বুকুখন।
ৰাতিৰ দুখবোৰ ক'লা ডাৱৰ হৈ সৰি পৰিছে
হাতৰ শিৰাই শিৰাই নীলা নীলা বিষ
কোনোবাই কাৰোবাক ধিয়াই আছে
হতাশাৰ দৰে বতাহ
গোটেই গাটোতে কঁপনি তুলিছে।
প্ৰতি ৰাতি প্ৰতি দিনে
ফুলি থকা ফুলবোৰে বতাহৰ প্ৰেমত পৰে,
পৰিভ্ৰমী বতাহৰ।
বতাহৰ ঘৰ ক'ত?
কোনে ক'ব পাৰিব মোক?

Comments