Skip to main content

Posts

মধুচন্দ্ৰিকা ( a love poem in Assamese)

মধুচন্দ্ৰিকাঃ বতাহ বলিছে বৰকৈ জুইকুৰা দাও-দাওকৈ জ্বলিছে মনত তাপত দহিছে শৰীৰ চৰৈৱতী চৰৈৱতী! তাৰপিছত লাহে লাহে তোমাৰ কাণৰ লটিত কুটকুটাই ডিঙিয়েদি নামি আহিব এখন পানী জাহাজ বুকুৰ ঠিয় গৰায়েদি নামি আহোতে যদি আঁচোৰ লাগে কলিজাত, তুমি জানো উফ্ বুলি উঠিবা? নাভীৰ দ' ৰ এচলু পানীত পখালি ল'ম মই জিভাৰ লুণীয়া সপ্তস্বৰৰ সপ্ত মঞ্জৰীয়ে খামুচি ধৰিব হেৰুৱা সুৰৰ তান এই জ্বলে এই নুমাই বিহগী ৰাতিৰ জুইৰ তাপত সকলো যেন ছাই হৈ যায়।

প্ৰস্তাৱনাঃ (Poem on Love in Assamese)

প্ৰস্তাৱনাঃ ৰ'দটো গাত লৈ বাৰান্দাখনে হাঁহি আছিল ভিজা চুলিবোৰ শুকাই শুকাই কথাৰ জোঁটবোৰ এটি-এটিকৈ খুলি আছিল  ৰ'দে থৰ লাগি বাৰান্দালৈ চাই আছিল। বেলাটো পাৰ হোৱাৰ পিছত সি যেতিয়া যাবলৈ ওলাল তাই দুচকু সেমেকাই ক'লে, সন্ধিয়া নামক একেবাৰেই যাবা দীঘল ৰাতিটো মই কঁপি কঁপি যেনেতেনে জাৰৰ স'তে পাৰ কৰিম কেৱল পুৱাৰ অপেক্ষাত।

অসমীয়া প্ৰেমৰ কবিতা

https://www.youtube.com/watch?v=QihOxEJKF78

পূজাতেই আহিবা (Assamese Romantic Poem on Durga Puja)

 

মা (mother) [Assamese Sad Poem অসমীয়া দুখৰ কবিতা]

 

Assamese Love Quotes (অসমীয়া প্ৰেম, ভালপোৱাৰ বাৰ্তা)

 

Assamese Inspirational Quotes (অসমীয়া প্ৰেৰণাৰ বাৰ্তা)